নাভাবিবা শুই টোপনি গ'লো বুলি
এতিয়াওঁ সাৰে আছো মই...
প্ৰভাতি সুৰুজৰ আপেক্ষাত।
আৰু সাৰে ৰ'ম
চৰাই চিৰিকতিৰ কিচিৰ মিচিৰ
চিয়ৰৰ ক্ষণটোলৈ।।
ৰাতিবোৰো মোৰ বাবে কেতিয়াবা
অস্বস্তিকৰ হ'ব পাৰে ভবাই নাছিলো।।
মই আজি অনুতপ্ত হলেওঁ...
অন্য কোনোবা যে বেছিকৈ
অনুতপ্ত হয় ছাগৈ?
নিসংগ নিশাবোৰত।।
সেই কোনোবাজনেওঁ শিকিলেনে বাৰু
চিনাকিত বিলীন হ'বলৈ?
নে পাৰ কৰে প্ৰতিনিশা...
প্ৰভাতি সুৰুজৰ আপেক্ষাত
আৰু সাৰে ৰয়...
চৰাই চিৰিকতিৰ কিচিৰ মিচিৰ
চিয়ৰৰ ক্ষণটোলৈ...।।