অমানিশাত প্ৰভাতি সুৰুজ



নাভাবিবা শুই টোপনি গ'লো বুলি
এতিয়াওঁ সাৰে আছো মই...
প্ৰভাতি সুৰুজৰ আপেক্ষাত।
আৰু সাৰে ৰ'ম
চৰাই চিৰিকতিৰ কিচিৰ মিচিৰ
চিয়ৰৰ ক্ষণটোলৈ।।
ৰাতিবোৰো মোৰ বাবে কেতিয়াবা
অস্বস্তিকৰ হ'ব পাৰে ভবাই নাছিলো।।
মই আজি অনুতপ্ত হলেওঁ...
অন্য কোনোবা যে বেছিকৈ 
অনুতপ্ত হয় ছাগৈ?
নিসংগ নিশাবোৰত।।
সেই কোনোবাজনেওঁ শিকিলেনে বাৰু
চিনাকিত বিলীন হ'বলৈ?
নে পাৰ কৰে প্ৰতিনিশা...
প্ৰভাতি সুৰুজৰ আপেক্ষাত
আৰু সাৰে ৰয়...
চৰাই চিৰিকতিৰ কিচিৰ মিচিৰ
চিয়ৰৰ ক্ষণটোলৈ...।।



প্রতিক্ষা




তুমাক দুবাহুত সাবতি লোৱাৰ প্ৰতিক্ষা
আজিও যেন মোৰ ভগ্ন হৃদয়ৰ কোনত
দুপৰীয়া টেঙাৰ পাতৰ দৰেই জীপাল
বুজাব যে নোৱাৰো মোৰ আলখুৱা হৃদয়ক
তুমি দূৰলৈ গ'লাগৈ বুলি 






তুমাৰ পুৰনি পৰিচয় হেৰাল..
জন্ম হ'ল নতুন পৰিচয়ৰ




কেতিয়াবা হয়তু সোৱৰনিৰ গৰাহত উটি-ভাহি...
মনলৈ আনিবা অতীতৰ স্মৃতিক
এই সোৱৰনিত মোক থ'বা আচুতিয়াকৈ


জানা!
স্মৃতিৰ জোৱাৰে মোক প্ৰতিদিনেই
ঘোটা-ঘোটে পানী খুৱাই...
হাতুৰিবলৈও যে নিশিকিলো
ঘৰৰ পিছফালৰ পিতনি পুখুৰিত
এতিয়ানো কেনেকৈ হাতুৰিম
জোৱাৰে ভৰা স্মৃতিৰ দ' সাগৰত